দেৱকণ গোহাঁইৰ কবিতা আৰু অসমীয়া কবিতা

পাৰ্কলৈ নাযাওঁ প্ৰিয়া,অশ্লীল বতাহে বেইমান কৰিব হৃদয়


পাৰ্কলৈ নাযাওঁ প্ৰিয়া

অশ্লীল বতাহে বেইমান কৰিব হৃদয়

তাতকৈ ব'লানা প্ৰতিবাদী সমদলত খোজ দিওঁ

তয়ো শ্লোগান দিবি,ময়ো শ্লোগান দিম

কণ্ঠে কণ্ঠে মুখৰিত হ'ব

আমিবোৰ জীয়াই থাকিব খোজা মানুহ !

চিনেমা চাবলৈও নাযাওঁ প্ৰিয়া

অশান্ত হৃদয়ত আৱেগৰ গুলি ফুটিব

তাতকৈ ব'লানা গ্ৰন্থমেলালৈ যাওঁ

আমাৰ প্ৰিয় কবিৰ কবিতাত মগন হ'ম

তয়ো পঢ়িবি, ময়ো পঢ়িম

হীৰুদাৰ :"এই কবিৰ মাথোঁ এটাই কামিজ

তাৰো চিগো চিগো চিলাই..."

প্ৰিয়া ! "অসীমত যাৰ হেৰাল সীমা" পঢ়িছা

পঢ়িবা--'চম্পা চন্দন গৌৰী'ৰ চৰিত্ৰ

আইক ভালপোৱাৰ ঠিকনা পাবা

লীলা গগৈৰ 'নৈ বৈ যায়' পঢ়ি চাবা এবাৰ

হেৰাই যোৱা গাঁৱৰ সেই

সোনোৱালী সময় বোrৰ পাবা !

সমূলি পাৰ্কত আজি নবহো প্ৰিয়া

লাজবোৰ নিলাজ হ'ব !

ভাল নলগা সময়বোৰ খহি খহি পৰিব !

তাতকৈ ব'লানা সৌ নদীৰ পাৰত বহো

চৰাইৰ সতে কথা পাতিম- -- ভালপোৱাৰ প্ৰতিশ্ৰুতি দিব নদীৰ সতে সহবাস কৰিম- --জীয়াই থকাৰ কথা ক'ব..

উশাহে উশাহে বতাহে বতাহে শ্ৰুতলিপি দিব তয়ো লিখিবি,ময়ো লিখিম মানুহ-নদী-চৰাই-অৰণ্য সমন্বয়ৰ এখন উপন্যাস হ'ব ! পাৰ্কলৈ আজি নাযাওঁ প্ৰিয়া !

   🖋দেৱকণ গোহাঁই